Home ক্রীড়া-জগত আইএছএলঃ আজি কেৰালাৰ বিৰুদ্ধে জামছেদপুৰ

আইএছএলঃ আজি কেৰালাৰ বিৰুদ্ধে জামছেদপুৰ

13
0

DB Live কোচি, ৪  ডিচেম্বৰঃ ইণ্ডিয়ান ছুপাৰ লীগত কাইলৈ কেৰালা ব্লাষ্টাৰ্ছে ঘৰুৱা গ্ৰাউণ্ডত জামছেদপুৰ এফচিৰ বিৰুদ্ধে যুঁজ দিব। ঘৰুৱা দৰ্শকৰ উপস্থিতিত কাইলৈ কেৰালাৰ বাবে মেচখন অতিশয় গুৰুত্বপূৰ্ণ হ’ব। ছিজন মধ্যভাগত উপনীত হোৱাৰ পিছত প্লে অফলৈ যোগ্যতা অৰ্জনৰ সম্ভাৱনা সজীৱ ৰখাতো কেইটামান দলৰ বাবে কঠিন হৈ পৰিছে।

এই তালিকাত কেৰালাও অন্তৰ্ভুক্ত। নখন মেচৰ কেৱল মাত্ৰ এখনতহে বিজয় সাব্যস্ত কৰি আঠ পইণ্ট লৈ তালিকাৰ সপ্তম স্থানত আছে কেৰালা। কাইলৈ ঘৰুৱা গ্ৰাউণ্ডত দলটোৰ বাবে একপ্ৰকাৰ মৰণপণ যুঁজ। এই মেচখনত জয়ী হ’ব পাৰিলে প্লে অফৰ আশাও সজীৱ হৈ থাকিব।অন্যথা গ্ৰুপ পৰ্যায়ৰ পৰাই অব্যাহতি লোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সেয়ে কাইলৈ সম্পূৰ্ণ পইণ্টৰ বাবে দলে খেলিব বুলি মুখ্য প্ৰশিক্ষক ডেভিদ জেমছে প্ৰকাশ কৰে।

তেওঁ কয় যে দলে অধিকাংশ মেচ ড্ৰ খেলিছে। কিন্তু বৰ্তমান পৰিস্থিতিত সম্পূৰ্ণ পইণ্ট আজুৰিব লাগিব। ইপিনে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থাকি জামছেদপুৰে প্লে অফৰ আশা সজীৱ কৰি ৰাখিছে। দহখন মেচৰ পৰা পোন্ধৰ পইণ্ট অৰ্জন কৰিছে দলটোৱে। কাইলৈ কেৰালাৰ বিৰুদ্ধে আত্মবিশ্বাসী জামছেদপুৰ। দলটোৰ প্ৰশিক্ষক ছিজাৰ ফেৰাণ্ড’ই কয় যে বিগত মেচত সুন্দৰ ছন্দত থকা নৰ্থ ইষ্টৰ বিৰুদ্ধে ড্ৰ খেলি আত্মবিশ্বাস বাঢ়িছে। কেৰালাৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব দল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here