Home অসম শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ ভোটদান

শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ ভোটদান

33
0

সোণাৰিৰপৰা অভিজিৎ ভূঞা, ৫ ডিচেম্বৰঃ আজিৰ নিৰ্বাচনত অসম চৰকাৰৰ শক্তি তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে  সাপেখাতীৰ নগাহাট কছাৰী প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা  ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।

ভোটদান কৰি মন্ত্ৰী গগৈয়ে চৰাইদেউ জিলাত ভাৰতীয় জনতা পাৰ্টিয়ে জিলা পৰিষদ গঠন কৰিব বুলি দাবী কৰে আৰু এইবাৰ কংগ্ৰেছে হতাশাত ভুগি অপ্ৰীতিকৰ কিছুমান কাম কৰি আছে বুলি মন্তব্য দিয়ে৷

আনহাতে দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ বাবেই জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰদানৰ বাবে আহিছে বুলি কয় সাংবাদিকৰ আগত। ইফালে কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নাইকিয়া কৰি অসমবাসীক এখন নিকা পঞ্চায়ত উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গগৈয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here